Skip to content

নাজী ধ্বংসলীলা (হʼলকষ্ট্‌) কিয় হয়? ঈশ্বৰে এইবোৰ কিয় হʼবলৈ অনুমতি দিছে?

নাজী ধ্বংসলীলা (হʼলকষ্ট্‌) কিয় হয়? ঈশ্বৰে এইবোৰ কিয় হʼবলৈ অনুমতি দিছে?

 যিসকল লোকে এনে প্ৰশ্ন কৰে তেওঁলোকে এই ঘটনাৰ কাৰণে ব্যক্তিগতভাৱে জীৱনত বহু কিছু হেৰুৱাইছে। তেওঁলোকে কেৱল এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱাই নহয়, কিন্তু সান্ত্বনাও লাভ কৰিব বিচাৰে। আন কিছুমান লোকে এই ঘটনাক মানুহৰ নিষ্ঠুৰতাৰ চৰম অৱস্থা বুলি বিশ্বাস কৰে আৰু সেইবাবে তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ কঠিন হৈ পৰে।

ঈশ্বৰ আৰু ধ্বংসলীলাৰ বিষয়ে ভুল ধাৰণা

 ভুল ধাৰণা: ধ্বংসলীলা হʼবলৈ অনুমতি দিয়াৰ কাৰণ ঈশ্বৰক সোধাটো ভুল।

 সত্যতা: ঈশ্বৰে কিয় দুষ্টতাৰ অনুমতি দিছে, তাৰ বিষয়ে বিশ্বাসী লোকসকলেও প্ৰশ্ন কৰিছিল। উদাহৰণস্বৰূপে, হবক্কুক নামৰ ভৱিষ্যতবক্তা এজনে ঈশ্বৰক এইদৰে সুধিছিল: “তুমি কিয় মোক অধৰ্ম্ম দেখুৱাইছা, আৰু দুষ্কৰ্ম্মলৈ চাই আছা? কিয়নো মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈছে, বিৰোধ উপস্থিত, আৰু বিবাদ বাঢ়ি উঠিছে।” (হবক্কুক ১:৩) এই প্ৰশ্ন সোধাৰ বাবে ঈশ্বৰে হবক্কুকক ধমকী দিয়া নাছিল, কিন্তু তেওঁ সোধা প্ৰশ্নটো সকলোৱে পঢ়াৰ বাবে বাইবেলত লিপিবদ্ধ কৰি ৰাখিলে।

 ভুল ধাৰণা: মানৱজাতিয়ে ভুগী থকা দুখ-কষ্টৰ বাবে ঈশ্বৰে কোনো চিন্তা নকৰে।

 সত্যতা: দুষ্টতা আৰু দুখ-কষ্টৰ কাৰণবোৰক ঈশ্বৰে ঘৃণা কৰে। (হিতোপদেশ ৬:১৬-১৯) নোহৰ সময়লৈ ধ্যান দিয়ক। গোটেই পৃথিৱীত দুষ্টতা বাঢ়ি যোৱা দেখি ঈশ্বৰে “বেজাৰ” অনুভৱ কৰিছিল। (আদিপুস্তক ৬:৫, ৬) ইয়াত কোনো সন্দেহ নাই যে ধ্বংসলীলাবোৰ দেখি ঈশ্বৰে বেজাৰ অনুভৱ কৰে।—মলাখী ৩:৬.

 ভুল ধাৰণা: ধ্বংসলীলাৰ যোগেদি ঈশ্বৰে যিহুদীসকলক শাস্তি দিছিল।

 সত্যতা: প্ৰথম শতিকাত ৰোমানসকলৰ দ্বাৰা যিৰূচালেম নগৰখন ধ্বংস হʼবলৈ ঈশ্বৰে অনুমতি দিছিল। (মথি ২৩:৩৭–২৪:২) কিন্তু তেতিয়াৰপৰা বৰ্তমান সময়লৈকে ঈশ্বৰে কোনো এটা বিশেষ জনগোষ্ঠীৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ অথবা শাস্তি দিবলৈ পক্ষপাত কৰা নাই। ঈশ্বৰৰ দৃষ্টিত “যিহূদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই।”—ৰোমীয়া ১০:১২.

 ভুল ধাৰণা: যদি এজন মৰমিয়াল আৰু সৰ্ব্বশক্তিমান ঈশ্বৰ আছে, তেনেহʼলে তেওঁ ধ্বংসলীলাবোৰ প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন।

 সত্যতা: যদিও দুখ-কষ্টৰ কাৰণ ঈশ্বৰ নহয়, কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ অলপ সময়ৰ বাবে দুখ-কষ্ট হʼবলৈ অনুমতি দিয়ে।—যাকোব ১:১৩; ৫:১১.

ঈশ্বৰে ধ্বংসলীলা হʼবলৈ কিয় অনুমতি দিছে?

 বহু বছৰৰ আগতে ঈশ্বৰে শাসন কৰাৰ ওপৰত যি প্ৰশ্ন তোলা হৈছিল, তাক সমাধান কৰিবলৈ ঈশ্বৰে ধ্বংসলীলা আৰু দুখ-কষ্ট হʼবলৈ অনুমতি দিছে। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে বৰ্তমান সময়ত এই পৃথিৱীখনক ঈশ্বৰে নহয়, কিন্তু চয়তানে শাসন কৰিছে। (লূক ৪:১, ২, ৬; যোহন ১২:৩১) ঈশ্বৰে কিয় ধ্বংসলীলাৰ অনুমতি দিছিল, তাৰ বিষয়ে আমি বাইবেলৰপৰা দুটা কাৰণ চালি-জাৰি চাম।

  1.  ১. ঈশ্বৰে মানৱজাতিক স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰ দিছে। প্ৰথম মানৱ, আদম আৰু হৱাৰপৰা ঈশ্বৰে কি আশা কৰে, তাৰ বিষয়ে ঈশ্বৰে তেওঁলোকক কৈছিল। কিন্তু সেইবোৰ পালন কৰিবলৈ ঈশ্বৰে তেওঁলোকক বাধ্য কৰোৱা নাছিল। ভাল আৰু বেয়াৰ নিৰ্ণয় কৰাৰ অধিকাৰ তেওঁলোকৰ ওপৰত আছিল। কিন্তু আদম আৰু হৱাই ভুল নিৰ্ণয় কৰিছিল। তেওঁলোকৰ দৰে আন বহুতো লোকৰ ভুল নিৰ্ণয়ে মানৱজাতিৰ বাবে ভয়ানক পৰিণাম কঢ়িয়াই আনিলে। (আদিপুস্তক ২:১৭; ৩:৬; ৰোমীয়া ৫:১২) ষ্টেট্‌মেণ্ট্‌ অফ প্ৰিন্সিপ্‌ল্‌ অফ কনজাৰভেটিভ্‌ জুডাইজ্‌ম্‌ নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে: “আজি জগতত হৈ থকা প্ৰায়ভাগ দুখ-কষ্টৰ কাৰণ হৈছে আমাৰ স্বতন্ত্ৰ ইচ্ছাক অপব্যৱহাৰ কৰা।” আমাক দিয়া স্বতন্ত্ৰ ইচ্ছাক পুনৰ ঘূৰাই লোৱাৰ পৰিৱৰ্তে আমাৰ সমস্যাবোৰ আমি নিজে সমাধান কৰাৰ বাবে চেষ্টা কৰিবলৈ ঈশ্বৰে সময় দিছে।

  2.  ২. ধ্বংসলীলাত ক্ষতি হোৱা সকলোবোৰ ঈশ্বৰে পুনৰস্থাপন কৰিব পাৰে আৰু তেওঁ নিশ্চয় এনে কৰিব। ঈশ্বৰে লাখ লাখ মৃত লোকক পুনৰ জীৱন দিব বুলি প্ৰতিজ্ঞা কৰিছে আৰু ইয়াত ধ্বংসলীলাত মৃত্যু হোৱা লোকসকলো জড়িত আছে। ধ্বংসলীলাৰপৰা ৰক্ষা পোৱা পীড়িত লোকসকলৰ মনত থকা, অতীতৰ ভয়ানক কথাবোৰ ঈশ্বৰে নাইকিয়া কৰিব। (যিচয়া ৬৫:১৭; পাঁচনিৰ কৰ্ম্ম ২৪:১৫) মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমে আমাক আশ্বাস দিয়ে যে তেওঁ এই প্ৰতিজ্ঞাবোৰ নিশ্চয় পূৰ কৰিব।—যোহন ৩:১৬.

 ধ্বংসলীলাত পীড়িত হোৱা আৰু ইয়াৰপৰা ৰক্ষা পোৱা বহুতোলোকে নিজৰ বিশ্বাস বজাই ৰাখিবলৈ সক্ষম হৈছে। ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে আৰু তেওঁ কেনেকৈ এইবোৰ পুনৰস্থাপন কৰিব, তাৰ বিষয়ে জানি তেওঁলোকে জীৱনৰ উদ্দেশ্য বিচাৰি পাইছে।