Skip to content

পৃথিৱীত শান্তি—কিয় বিশ্বাস কৰিব নোৱাৰি?

পৃথিৱীত শান্তি—কিয় বিশ্বাস কৰিব নোৱাৰি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 গোটেই পৃথিৱীত শান্তি কঢ়িয়াই আনিবলৈ কৰা মানুহৰ চেষ্টা বিফল হৈছে আৰু বিফল হোৱাৰ কেইবাটাও কাৰণ আছে:

  •   “মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:২৩) মানুহক এজনে-আনজনৰ ওপৰত শাসন কৰিব পৰা ক্ষমতাৰে সৃষ্টি কৰা হোৱা নাই। সেইবাবে, তেওঁলোকে স্থায়ী শান্তি লাভ কৰিবলৈ অসমৰ্থ।

  •   “তোমালোকে অধিপতিবিলাকৰ ওপৰত ভাৰসা নকৰিবা; নিঃসহায় মনুষ্য-সন্তানত আশা নকৰিবা। তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয়, আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” (গীতমালা ১৪৬:৩, ৪) ৰাজনৈতিক নেতাসকলে উচিত মনোভাৱেৰে যিমানেই চেষ্টা নকৰক কিয়, তেওঁলোকে যুদ্ধৰ মূল কাৰণ বিচাৰি উলিয়াবলৈ অসমৰ্থ।

  •   “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে . . . অহঙ্কাৰী, . . . প্ৰচণ্ড, . . . উপকাৰ নমনা, . . . বিশ্বাস-ঘাতক, আপোনমইমত . . . হব।” (২ তীমথিয় ৩:১-৪) বৰ্তমান সময়ত আমি দুষ্ট জগতৰ “শেষ-কালত” জীয়াই আছোঁ আৰু সেইবাবে এনেধৰণৰ মনোবৃত্তি ৰখা লোকসকলৰ বাবে শান্তি বজাই ৰখাত কঠিন হৈ পৰে।

  •   “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” (প্ৰকাশিত বাক্য ১২:১২) ঈশ্বৰৰ শত্ৰু চয়তানে গোটেই জগতক নিজৰ অধীনত কৰি ৰাখিছে আৰু নিজৰ দৰে ঘৃণনীয় কাৰ্য্য কৰিবলৈ লোকসকলক অনুপ্ৰাণিত কৰিছে। যেতিয়ালৈকে চয়তানে এই ‘জগতৰ অধিপতি’ হৈ থাকিব, তেতিয়ালৈকে আমি কেতিয়াও শান্তিত জীয়াই থাকিব নোৱাৰিম।—যোহন ১২:৩১.

  •   “[ঈশ্বৰৰ ৰাজ্যই] সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) ঈশ্বৰৰ ৰাজ্য কোনো মানৱ চৰকাৰ নহয়। গোটেই জগতত স্থায়ী শান্তি স্থাপনৰ বাবে আমাৰ যি আশা, তাক এই ৰাজ্যই পূৰ কৰিব।—গীতমালা ১৪৫:১৬.