Skip to content

বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে?

বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে?

 নাই হোৱা। হাজাৰ হাজাৰ বছৰৰপৰা সহজে নষ্ট হোৱা বস্তুবোৰত বাইবেলৰ নকল প্ৰস্তুত কৰা হৈছিল। তথাপি আমি যদি বৰ্তমান সময়ৰ বাইবেলৰ তুলনা পুৰণি হস্তলিপিৰ লগত কৰোঁ, তেনেহʼলে আমি বুজিব পাৰিম যে বাইবেলৰ কোনো সাল-সলনি হোৱা নাই।

বাইবেলৰ নকল প্ৰস্তুত কৰাৰ সময়ত কোনো ভুল হোৱা নাছিল বুলি কʼব পাৰিনে?

 বাইবেলৰ হাজাৰ হাজাৰ পুৰণি হস্তলিপি পোৱা গৈছে। কিছুমান হস্তলিপি এটাই-আনটোৰ লগত মিল নাখায়। ইয়াৰপৰা বুজিব পাৰি যে নকল প্ৰস্তুত কৰাৰ সময়ত কিছু পৰিমাণে ভুল হৈছিল। ইয়াৰ বেছিভাগ ভুল সৰু-সুৰা আছিল, যিয়ে লিখা কথাবোৰৰ অৰ্থ সলনি নকৰিলে। কিন্তু কিছুমান ভুল আওকাণ কৰিব নোৱাৰি। বাইবেলৰ বাৰ্তা সলনি কৰিবলৈ এই হস্তলিপিবোৰত জানি-শুনি ভুলকৈ লিখা হৈছিল। আহক ইয়াৰ দুটা উদাহৰণলৈ মন কৰোঁ:

  1.  ১. কিছুমান বাইবেলত ১ যোহন ৫:৮ পদত এই শব্দবোৰ পোৱা যায়, “স্বৰ্গত, পিতৃ, বাক্য আৰু পবিত্ৰ আত্মা, এই তিনিওটা এক।” কিন্তু যিবোৰ হস্তলিপিৰ ওপৰত ভৰসা কৰিব পাৰি, সেইবোৰত এই শব্দবোৰ পোৱা নাযায়। ইয়াৰপৰা বুজিব পাৰি যে মূল পাঠত এই শব্দবোৰ নাছিল, কিন্তু এইবোৰ পাছত লিখা হৈছে। a সেইবাবে, বৰ্তমান সময়তো বহুতো নিৰ্ভৰযোগ্য বাইবেলত এই শব্দবোৰ উল্লেখ কৰা নাই।

  2.  ২. বাইবেলৰ পুৰণি হস্তলিপিত ঈশ্বৰৰ নাম হাজাৰ হাজাৰ বাৰ উল্লেখ আছে। তথাপি বাইবেলৰ বহুতো অনুবাদত এই নাম আঁতৰাই “প্ৰভু” বা “ঈশ্বৰ” এনেধৰণৰ উপাধি উল্লেখ কৰিছিল।

বাইবেলত কোনো সাল-সলনি হোৱা নাই বুলি আমি কেনেকৈ কʼব পাৰোঁ?

 বৰ্তমান সময়ত বহুতো বাইবেলৰ হস্তলিপি পোৱা গৈছে। যদি কʼৰবাত ভুল আছে, তেনেহʼলে সেই ভুল সহজে বিচাৰি পোৱা যাব। b এই হস্তলিপিবোৰ এটা আনটোৰ লগত মিলাই চালে কেনেকৈ প্ৰমাণ হয় যে আজি আমাৰ ওচৰত যিখন বাইবেল আছে, সেইখন সঠিক হয়?

  •   হীব্ৰু শাস্ত্ৰৰ পাঠ, যিখনক “নতুন নিয়ম” বুলিও কোৱা হয়, তাৰ বিষয়ে বিদ্বান উইলিয়াম এচ. গ্ৰীনে কৈছিল, “আমি বিশ্বাসেৰে কʼব পাৰোঁ যে এনে কোনো পুৰণি কিতাপ নাই, যি কোনো সাল-সলনি নোহোৱাকৈ আমি লাভ কৰিছোঁ।”

  •   হীব্ৰু শাস্ত্ৰৰ পাঠ, যিখনক “পুৰণি নিয়ম” বুলিও কোৱা হয়, তাৰ বিষয়ে বাইবেলৰ বিদ্বান এফ. এফ. ব্ৰুচে লিখিছিল যে “প্ৰাচীন সময়ৰ বিখ্যাত লেখকসকলৰ এনে বহুতো কিতাপ আছে, যাৰ সত্যতাৰ ওপৰত প্ৰশ্ন তুলিবলৈ কোনেও সাহস নকৰে। কিন্তু আমাৰ নতুন নিয়ম কিতাপৰ সত্যতাৰ প্ৰমাণ সেই কিতাপবোৰতকৈ বহুগুণে বেছি।”

  •   বাইবেলৰ হস্তলিপিৰ এজন বিখ্যাত বিদ্বান ছাৰ ফ্ৰেডৰিক কেন্যনে কৈছিল, “বাইবেলৰ বিষয়ে প্ৰতিজন ব্যক্তিয়ে সংকোচ নকৰাকৈ কʼব পাৰে যে তেওঁৰ ওচৰত ঈশ্বৰৰ পবিত্ৰ বাক্য আছে। এই পুৰণি কিতাপখন আমি কোনো সাল-সলনি নোহোৱাকৈ লাভ কৰিছোঁ। অতীতৰপৰা এতিয়ালৈকে ইয়াৰ বাৰ্তাত কোনো সাল-সলনি হোৱা নাই।”

বাইবেলৰ মূল পাঠত যি কথাবোৰ উল্লেখ আছিল, সেইবোৰ আমি কোনো সাল-সলনি নোহোৱাকৈ লাভ কৰিছোঁ বুলি কি প্ৰমাণ আছে?

  •   যিহূদী আৰু খ্ৰীষ্টান নকলকাৰীসকলে বাইবেলৰ মূল পাঠত উল্লেখ থকা সেই ঘটনাবোৰৰ বিষয়েও নকল কৰিছিল, যʼত ঈশ্বৰৰ লোকসকলে কৰা ডাঙৰ ডাঙৰ ভুলৰ বিষয়ে উল্লেখ আছে। c (গণনা পুস্তক ২০:১২; ২ চমূৱেল ১১:​২-৪; গালাতীয়া ২:​১১-১৪) তেওঁলোকে এনে বিৱৰণবোৰ উলিয়াই দিয়া নাছিল, যʼত যিহূদী ৰাষ্ট্ৰক তেওঁলোকৰ বিদ্ৰোহ আৰু তেওঁলোকে বনোৱা ৰীতি-নীতিৰ বাবে ধমকী দিয়া হৈছিল। (হোচেয়া ৪:২; মলাখী ২:​৮, ৯; মথি ২৩:​৮, ৯; ১ যোহন ৫:২১) এনেধৰণৰ বিৱৰণৰ কোনো সাল-সলনি নকৰাকৈ নকল প্ৰস্তুত কৰি, নকলকাৰীসকলে প্ৰমাণ কৰিলে যে তেওঁলোকে ঈশ্বৰৰ বাক্যক সন্মান কৰে আৰু তেওঁলোকে নিজৰ কাম বিশ্বাসেৰে কৰিলে।

  •   যিজন ঈশ্বৰে বাইবেলখন নিজৰ প্ৰেৰণাৰে লিখাইছে, তেওঁ ইয়াত কোনো সাল-সলনি হʼবলৈ দিবনে? d (যিচয়া ৪০:৮; ১ পিতৰ ১:​২৪, ২৫) তেওঁ নিজৰ বাক্য কেৱল পুৰণি সময়ৰ লোকসকলৰ বাবেই নহয়, আমাৰ বাবেও লিখাইছিল, যাতে আমি তাৰপৰা লাভৱান হʼব পাৰোঁ। (১ কৰিন্থীয়া ১০:১১) বাইবেলত উল্লেখ আছে যে “আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।”—ৰোমীয়া ১৫:৪.

  •   যীচু আৰু তেওঁৰ শিষ্যসকলে হীব্ৰু শাস্ত্ৰৰ হস্তলিপিৰপৰা কোনো সংকোচ নকৰাকৈ শিকাইছিল, কিয়নো তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ইয়াত লিখা কথাবোৰ একেবাৰে সত্য।​—লূক ৪:​১৬-২১; পাঁচনিৰ কৰ্ম্ম ১৭:​১-৩.

a এই শব্দ কডেক্স চাইনাইটিকচ, কডেক্স এলেক্সজেন্দ্ৰিয়াচ, বেটিকন হস্তলিপি ১২০৯ মূল লেটিন ভালগেট, দি পিলোক্সিনিয়ান হাৰক্লিন চিৰিয়াক ভাৰ্চন বা চিৰিয়াক পেচিটাত দিয়া নাই।

b উদাহৰণস্বৰূপে, গ্ৰীক শাস্ত্ৰ বা ‘নতুন নিয়মৰ’ ৫,০০০-তকৈ বেছি হস্তলিপি পোৱা গৈছে।

c বাইবেলে কয় যে “পাপ নকৰা মানুহ কোনো নাই।” (১ ৰাজাৱলি ৮:৪৬) সেইবাবে, ইয়াত ঈশ্বৰে নিজে নিৰ্বাচন কৰা লোকসকলৰ ভুলৰ বিষয়ে উল্লেখ আছে।

d এয়া সঁচা যে ঈশ্বৰে বাইবেলৰ লেখকসকলক এটা এটা শব্দ কোৱা নাছিল, কিন্তু বাইবেলত স্পষ্টকৈ উল্লেখ আছে যে ঈশ্বৰে নিজৰ চিন্তাধাৰা তেওঁলোকক কৈছিল।—২ তীমথিয় ৩:​১৬, ১৭; ২ পিতৰ ১:২১.