Skip to content

যীচু দেখাত কেনেকুৱা আছিল?

যীচু দেখাত কেনেকুৱা আছিল?

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

 যীচু দেখাত কেনেকুৱা আছিল কোনেও নাজানে। কিয়নো এই বিষয়ে বাইবেলত একো কথা উল্লেখ নাই। ইয়াৰপৰা বুজিব পাৰি যে তেওঁ দেখাত কেনেকুৱা আছিল, এয়া কোনো গুৰুত্বপূৰ্ণ কথা নহয়। তথাপি, বাইবেলৰপৰা তেওঁৰ চেহেৰা-পাতিৰ বিষয়ে কিছু পৰিমাণে অনুমান কৰিব পাৰি।

  •   চেহেৰা-পাতি: যীচু এজন যিহূদী আছিল। সেইবাবে, তেওঁ দেখিবলৈ যিহূদী লোকসকলৰ দৰেই আছিল। (ইব্ৰী ৭:১৪) তেওঁৰ মা এগৰাকী যিহূদী আছিল। সেইবাবে, তেওঁৰ চেহেৰা-পাতি নিজৰ মাৰ দৰেই আছিল। এনেকুৱা নালাগিছিল যে তেওঁ দেখাত আন লোকসকলতকৈ একেবাৰে বেলেগ। সেইবাবে, এবাৰ যেতিয়া কোনোৱে নজনাকৈ যীচুৱে গালীলৰপৰা যিৰূচালেমলৈ গৈছিল, তেতিয়া লোকসকলে তেওঁক চিনি পোৱা নাছিল। (যোহন ৭:১০, ১১) তেওঁ দেখাত নিজৰ শিষ্যসকলতকৈ বেলেগ নাছিল। সেইবাবে, যেতিয়া যিহূদা ঈষ্কৰিয়োতীয়াই অস্ত্ৰ-শস্ত্ৰ লোৱা এটা দলৰ লগত আহিছিল, তেতিয়া তেওঁ যীচুক চুমা খাইছিল, যাতে সেই দলে তেওঁক গেৰপ্তাৰ কৰিব পাৰে।—মথি ২৬:৪৭-৪৯.

  •   চুলিৰ দীঘল: যীচুৰ চুলি দীঘল নাছিল। কিয়নো বাইবেলত এইদৰে কৈছে, “প্ৰকৃতিয়ে নিজেও তোমালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?”—১ কৰিন্থীয়া ১১:১৪.

  •   ডাঢ়ি: যীচুৰ ডাঢ়ি আছিল। তেওঁ যিহূদী নিয়ম পালন কৰিছিল আৰু সেই নিয়মত পুৰুষসকলক কোৱা হৈছিল যে “তোমালোকে . . . নিজ নিজ ডাঢ়িৰ চুক অশুৱনীকৈ নুক্ষুৰাবা।” (লেবীয়া পুস্তক ১৯:২৭; গালাতীয়া ৪:৪) ইয়াৰ উপৰিও, যীচুৱে কেনে পৰিস্থিতিৰ সন্মুখীন হʼব লাগিব, এই বিষয়ে বাইবেলত এটা ভৱিষ্যতবাণী কৰা হৈছে আৰু এই ভৱিষ্যতবাণীত ডাঢ়িৰ বিষয়েও উল্লেখ আছে।—যিচয়া ৫০:৬.

  •   স্বাস্থ্য: বাইবেলৰপৰা জানিব পাৰি যে যীচু সুস্থ-পুষ্ট আছিল। নিজৰ সেৱা কাৰ্য্যৰ সময়ছোৱাত তেওঁ বহু দূৰ খোজকাঢ়ি গৈছিল। (মথি ৯:৩৫) যীচুৱে দুবাৰ যিহূদীসকলৰ মন্দিৰ শুদ্ধ কৰিছিল আৰু টকা-পইচা সলোৱা সদাগৰৰ টেবুলবোৰ লুটিয়াই দিছিল। এবাৰ তেওঁ চাবুকেৰে কোবাই ব্যৱসায়ীসকলক মন্দিৰৰপৰা বাহিৰ কৰিছিল। (লূক ১৯:৪৫, ৪৬; যোহন ২:১৪, ১৫) মেকক্লিনটʼক আৰু ষ্ট্ৰংগʼৰ চাইক্লোপিডিয়াই কৈছে: “শুভবাৰ্তাৰ চাৰিখন কিতাপৰপৰা জানিব পাৰি যে [যীচু] সুস্থ-পুষ্ট আৰু স্বাস্থ্যৱান আছিল।”—খণ্ড ৪, পৃষ্ঠা ৮৮৪.

  •   মুখৰ অংগি-ভংগি: যীচুৱে লোকসকলক বহুত প্ৰেম কৰিছিল আৰু দয়া দেখুৱাইছিল। সেইবাবে, ইয়াত কোনো সন্দেহ নাই যে তেওঁৰ চেহেৰাতো এই গুণবোৰ প্ৰকাশ পাইছিল। (মথি ১১:২৮, ২৯) সকলোৱে শান্ত্বনা আৰু সহায় পাবলৈ তেওঁৰ ওচৰলৈ আহিছিল। (লূক ৫:১২, ১৩; ৭:৩৭, ৩৮) আনকি সৰু সৰু লʼৰা-ছোৱালীও তেওঁৰ ওচৰলৈ আহিবলৈ সংকোচ কৰা নাছিল।—মথি ১৯:১৩-১৫; মাৰ্ক ৯:৩৫-৩৭.

যীচুৰ চেহেৰা-পাতিৰ বিষয়ে ভুল ধাৰণা

 ভুল ধাৰণা: কিছুমান লোকে কয় যে যীচু আফ্ৰিকান আছিল। কিয়নো প্ৰকাশিত বাক্য কিতাপত কৈছে যে তেওঁৰ চুলি মেৰৰ নোমৰ দৰে আছিল আৰু “তেওঁৰ চৰণ, অগ্নি-কুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা” আছিল।—প্ৰকাশিত বাক্য ১:১৪, ১৫.

 সত্যতা: প্ৰকাশিত বাক্য কিতাপত লিখা কথাবোৰ “চিনৰ যোগেদি” দিয়া হৈছে। (প্ৰকাশিত বাক্য ১:১, NW) যীচুৰ চুলি আৰু ভৰিৰ বিষয়ে যি কোৱা হৈছে, সেয়া এই পৃথিৱীত থকাৰ সময়ত যীচু দেখাত কেনেকুৱা আছিল, তাৰ বিষয়ে কʼব বিচৰা নাই। আনহাতে, যীচু পুনৰ জীৱিত হোৱাৰ পাছত তেওঁৰ কি কি গুণ আছে, তাৰ বিষয়ে কোৱা হৈছে। মন কৰক যে প্ৰকাশিত বাক্য ১:১৪ পদত কোৱা হৈছিল যে যীচুৰ “মূৰ আৰু চুলি বগা, বগা মেৰ-নোমৰ আৰু হিমৰ নিচিনা।” গতিকে, এই পদত তেওঁৰ চুলিৰ বিষয়ে নহয়, কিন্তু চুলিৰ ৰঙৰ বিষয়ে কোৱা হৈছে। চুলিৰ ৰং বগা হোৱাই দেখুৱায় যে বয়স হোৱাৰ বাবে তেওঁৰ বহুতো বুদ্ধি আছে। (প্ৰকাশিত বাক্য ৩:১৪) ইয়াত চুলিৰ বিষয়ে নহয়, কিন্তু চুলিৰ ৰঙৰ বিষয়ে কোৱা হৈছে বুলি আমি কিয় কʼব পাৰোঁ? কিয়নো চুলিৰ তুলনা কেৱল মেৰ-নোমৰ লগত নহয়, কিন্তু হিম বা বৰফৰ লগতো কৰা হৈছে।

 যীচুৰ ভৰি “অগ্নি-কুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা” আছিল। (প্ৰকাশিত বাক্য ১:১৫) তেওঁৰ চেহেৰাও “সূৰ্য্যৰ নিচিনা” জিলিকি আছিল। (প্ৰকাশিত বাক্য ১:১৬) কোনো জাতিৰ মানুহৰ গাৰ ৰং এনেকুৱা নহয়। সেইবাবে, এই দৰ্শনৰ এটা লাক্ষণিক অৰ্থ আছে। এই দৰ্শনৰপৰা জানিব পাৰি যে যীচুৰ পুনৰুত্থান হোৱাৰ পাছত ‘তেওঁক কোনেও দেখা নাপাব।’—১ তীমথিয় ৬:১৬.

 ভুল ধাৰণা: যীচু এজন দুৰ্বল ব্যক্তি আছিল।

 সত্যতা: যীচু এজন সাহসী ব্যক্তি আছিল। উদাহৰণস্বৰূপে, অস্ত্ৰ-শস্ত্ৰ লোৱা এটা দলে যেতিয়া যীচুক গেৰপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ আগবাঢ়ি আহি কৈছিল যে তেৱেঁই যীচু হয়। (যোহন ১৮:৪-৮) যীচু সুস্থ-পুষ্ট আছিল। কিয়নো তেওঁ বাঢ়ৈ অৰ্থাৎ কাঠৰ কাম কৰিছিল আৰু কাম কৰাৰ সময়ত সঁজুলি ব্যৱহাৰ কৰিছিল।—মাৰ্ক ৬:৩.

 তেনেহʼলে যীচুক যাতনাৰ কাঠ উঠাবলৈ কিয় সহায়ৰ প্ৰয়োজন হৈছিল? তেওঁৰ মৃত্যু যাতনা স্তম্ভত আঁৰি দিয়া আন দুজনতকৈ আগত কিয় হʼল? (লূক ২৩:২৬; যোহন ১৯:৩১-৩৩) যাতনা স্তম্ভত আঁৰি দিয়াৰ আগতেই যীচু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তেওঁ গোটেই ৰাতি শুৱা নাছিল, কিয়নো তেওঁক দুখ লাগিছিল আৰু চিন্তিত হৈছিল। (লূক ২২:৪২-৪৪) গোটেই ৰাতি যিহূদীসকলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল আৰু পাছদিনা ৰাতিপুৱা ৰোমানসকলে তেওঁক বেয়াকৈ মাৰ-পিট কৰিছিল। (মথি ২৬:৬৭, ৬৮; যোহন ১৯:১-৩) সেইবাবে, তেওঁৰ মৃত্যু আগতেই হৈ গʼল।

 ভুল ধাৰণা: যীচু সদায় গম্ভীৰ আৰু নিৰাশাত আছিল।

 সত্যতা: যীচু নিজৰ পিতৃৰ দৰে গুণ দেখুৱাইছিল আৰু বাইবেলত লিখা আছে যে যিহোৱা “পৰম-ধন্য ঈশ্বৰ।” (১ তীমথিয় ১:১১; যোহন ১৪:৯) ইয়াৰ উপৰিও, তেওঁ আনকো আনন্দত থাকিবলৈ শিকাইছিল। (মথি ৫:৩-৯; লূক ১১:২৮) ইয়াৰপৰা বুজিব পাৰি যীচুৰ চেহেৰাত আনন্দ দেখিবলৈ পোৱা গৈছিল।