Skip to content

কেৱল যিহোৱাৰ সাক্ষীসকলেই উদ্ধাৰ পাব বুলি তেওঁলোকে ভাৱে নেকি?

কেৱল যিহোৱাৰ সাক্ষীসকলেই উদ্ধাৰ পাব বুলি তেওঁলোকে ভাৱে নেকি?

 যিহোৱাৰ সাক্ষীসকলে এনে নাভাৱে। অতীতত বাস কৰা এনে লাখ লাখ লোকৰ উদ্ধাৰ হোৱাৰ আশা আছে, যিসকল যিহোৱাৰ সাক্ষী নাছিল। পবিত্ৰ শাস্ত্ৰ বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰে প্ৰতিজ্ঞা কৰা নতুন পৃথিৱীত, “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) ইয়াৰ উপৰিও, বৰ্তমান সময়ত জীয়াই থকা লোকসকলে ঈশ্বৰৰ সেৱক হোৱাৰ সুযোগ আছে আৰু তেওঁলোকেও উদ্ধাৰ পাব পাৰিব। কিন্তু আমি এইটো বিচাৰ কৰিব নোৱাৰোঁ যে কোনে উদ্ধাৰ পাব বা কোনে উদ্ধাৰ নাপাব। এই বিষয়ে বিচাৰ কৰাৰ অধিকাৰ কেৱল যীচু খ্ৰীষ্টৰ হাতত আছে।​—যোহন ৫:​২২, ২৭.