Skip to content

যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?

যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?

 যীচুৱে নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল: “তোমালোকে . . . সকলো জাতিকে শিষ্য” কৰা। (মথি ২৮:​১৯, ২০) এই কাৰ্য্যৰ বাবে যীচুৱে শিষ্যসকলক মানুহৰ ঘৰে ঘৰে যাবলৈ নিৰ্দেশনা দিছিল। (মথি ১০:​৭, ১১-১৩) যীচুৰ মৃত্যুৰ পাছত, প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলে “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” গৈ শুভবাৰ্ত্তা ঘোষণা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৫:৪২; ২০:২০) বৰ্তমান সময়ত আমিও প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলৰ এই উদাহৰণ অনুকৰণ কৰোঁ আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যে ঘৰে ঘৰে গৈ লোকসকলক লগ পোৱাটো এক উত্তম উপায়।