Skip to content

প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়নে?

প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়নে?

 প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়। বাইবেলৰ গালাতীয়া নামৰ কিতাপখনৰ ৬ অধ্যায়ৰ ১০ পদত এইদৰে উল্লেখ কৰিছে: “এই হেতুকে আহাঁ, শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” সেইবাবে, আমি কেৱল যিহোৱাৰ সাক্ষীসকলকে সহায় কৰোঁ এনে নহয়, কিন্তু আন লোকসকলকো সহায় আগবঢ়াওঁ। এনে এক দুখৰ সময়ছোৱাত আমি তেওঁলোকৰ লগত থাকি আবেগিত আৰু আধ্যাত্মিক সহায় আগবঢ়াবলৈ যত্ন কৰোঁ।​—২ কৰিন্থীয়া ১:​৩, ৪.

কেনেকৈ কৰা হয়

 প্ৰাকৃতিক দুৰ্য্যোগৰ পাছত, কোনো পলম নকৰাকৈ প্ৰাচীনসকলে নিজৰ নিজৰ মণ্ডলীৰ সদস্যসকলৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে। সদস্যসকলে সুৰক্ষিত আছে নে নাই আৰু তেওঁলোকক কোনো সহায়ৰ প্ৰয়োজন আছে নেকি, তাৰ বিষয়ে তেওঁলোকে জানিব বিচাৰে। প্ৰাচীনসকলে আহৰণ কৰা সকলো খবৰ আৰু উদ্ধাৰ অভিযানৰ বাবে কি পদক্ষেপ লোৱা হৈছে, তাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়লৈ পঠিয়াই।

 যদি স্থানীয় সাক্ষীসকলে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় সহায় পূৰ কৰাত অসুবিধা হৈছে, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীয়ে প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰিবলৈ ব্যৱস্থা কৰে। এনে কৰাৰ যোগেদি তেওঁলোকে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক অনুকৰণ কৰে। এক বৰ আকালৰ সময়ত খ্ৰীষ্টানসকলে এজনে-আনজনক সহায় আগবঢ়াইছিল। (১ কৰিন্থীয়া ১৬:​১-৪) সেই দেশৰ শাখা কাৰ্য্যালয়ে উদ্ধাৰ অভিযান সুচাৰুৰূপে আৰু সংগঠিতৰূপে পৰিচালিত কৰিবলৈ, উদ্ধাৰ সমিতি নিযুক্ত কৰে। এই অভিযানত আন আন ঠাইৰপৰা অহা সাক্ষীসকলে বিভিন্ন ধৰণে সহায় আগবঢ়ায়।​—হিতোপদেশ ১৭:১৭.

খৰচ-পাতি কেনেকৈ বহন কৰা হয়

 যিহোৱাৰ সাক্ষীসকলে শাখা কাৰ্য্যালয়লৈ পঠিওৱা দান-বৰঙণিৰে, প্ৰাকৃতিক দুৰ্য্যোগত পীড়িত হোৱা লোকসকলক সহায় আগবঢ়োৱা হয়। (পাঁচনিৰ কৰ্ম্ম ১১:​২৭-৩০; ২ কৰিন্থীয়া ৮:​১৩-১৫) ইয়াৰ উপৰিও যিসকল লোকে এই কাৰ্য্যত সহায় কৰে, তেওঁলোকে ইয়াৰ বিনিময়ত কোনো মূল্য নলয়। সেইবাবে, পীড়িত লোকসকলক সহায় কৰাৰ বাবে যি ধন বণ্টন কৰা হয়, তাৰপৰা কোনো অংশ উদ্ধাৰ সমিতি বা সেই কামক চোৱা-চিতা কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা নহয়। আমি দান-বৰঙণিবোৰ সঠিকৰূপে ব্যৱহাৰ কৰোঁ।​—২ কৰিন্থীয়া ৮:২০.