Skip to content

Skip to table of contents

ইমান দুখ-কষ্ট কিয় হৈ আছে আৰু মানুহৰ মৃত্যু কিয় হয়?

ইমান দুখ-কষ্ট কিয় হৈ আছে আৰু মানুহৰ মৃত্যু কিয় হয়?

আমি ঈশ্বৰৰ সন্তান হওঁ। সেইবাবে, আমি দুখ-কষ্ট ভুগি থকাটো ঈশ্বৰে নিবিচাৰে। তেনেহʼলে আজি ইমান দুখ-কষ্ট কিয় হৈ আছে?

পৃথিৱীৰ প্ৰথম পুৰুষ আৰু তিৰোতাৰ বাবে

“যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।”—ৰোমীয়া ৫:১২.

ঈশ্বৰে যেতিয়া পৃথিৱীৰ প্ৰথম পুৰুষ আৰু তিৰোতাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকৰ কোনো খুঁত নাছিল। তেওঁলোক সিদ্ধ আছিল আৰু তেওঁলোকৰ নাম আদম আৰু হৱা আছিল। তেওঁলোকৰ স্বাস্থ্য সদায় ভালে থাকিলেহেঁতেন আৰু কেতিয়াও বেমাৰ নহʼলহেঁতেন। ঈশ্বৰে তেওঁলোকক থাকিবলৈ এদন নামৰ এখন সুন্দৰ বাগিচা দিছিল। ঈশ্বৰে তেওঁলোকক কৈছিল, এজোপা গছৰ বাহিৰে বাগিচাৰ সকলো গছৰ ফল তেওঁলোকে খাব পাৰে। কিন্তু আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে। ঈশ্বৰে যি গছজোপাৰ ফল খাবলৈ মানা কৰিছিল, তেওঁলোকে সেই গছজোপাৰ ফল খালে আৰু পাপ কৰিলে। (আদিপুস্তক ২:১৫-১৭; ৩:১-১৯) সেইবাবে, ঈশ্বৰে তেওঁলোকক এদন বাগিচাৰপৰা উলিয়াই দিলে। তাৰ পাছত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼল। আগলৈ তেওঁলোকৰ সন্তানসকলেও দুখ-কষ্ট ভুগিবলগীয়া হʼল। তেওঁলোক বৃদ্ধ হʼল আৰু এদিন তেওঁলোকৰ মৃত্যু হʼল। (আদিপুস্তক ৩:২৩; ৫:৫) আমি আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আমাৰ বেমাৰ হয়, বৃদ্ধ হওঁ আৰু এদিন মৰি যাওঁ।

দুষ্ট স্বৰ্গদূতসকলৰ বাবে

“গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।”১ যোহন ৫:১৯.

হাজাৰ হাজাৰ বছৰৰ আগতে ঈশ্বৰৰ এজন স্বৰ্গদূতে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ শত্ৰু হৈ পৰিল। সেই দুষ্ট স্বৰ্গদূতজনক শাস্ত্ৰত “চয়তান” বুলি কোৱা হৈছে। (যোহন ৮:৪৪; প্ৰকাশিত বাক্য ১২:৯) আগলৈ গৈ কিছুমান স্বৰ্গদূতে ঈশ্বৰক এৰি চয়তানৰ ফলীয়া হʼল। এই দুষ্ট স্বৰ্গদূতসকলে লোকসকলক ভুল পথলৈ পৰিচালিত কৰে, যাতে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন নকৰে। তেওঁলোকে লোকসকলক ভুল কাম কৰিবলৈ প্ৰভাৱিত কৰে। (গীতমালা ১০৬:৩৫-৩৮; ১ তীমথিয় ৪:১) চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলে লোকসকলক কষ্ট দিয়ে আৰু তেওঁলোকক কষ্টত ভুগি থকা দেখি আনন্দিত হয়।

নিজৰ ভুল নিৰ্ণয়ৰ বাবে

“মানুহে যিহকে বয়, তাকেহে দাব।”—গালাতীয়া ৬:৭.

আদম আৰু হৱাই কৰা পাপ আৰু চয়তান আৰু দুষ্ট স্বৰ্গদূতৰ বাবে আজি আমি দুখ-কষ্ট ভুগিবলগীয়া হৈছে। কিন্তু কেতিয়াবা কেতিয়াবা আমি নিজৰ কাৰণেই দুখ-কষ্ট ভুগিবলগীয়া হয়। কেনেকৈ বাৰু? যদি আমি বেয়া কাম কৰোঁ আৰু ভুল নিৰ্ণয় লওঁ, তেনেহʼলে আমি ইয়াৰ বেয়া পৰিণাম ভুগিবলগীয়া হয়। আনহাতে, যদি আমি সঠিক নিৰ্ণয় লওঁ আৰু ভাল কাম কৰোঁ, তেনেহʼলে আমাৰেই লাভ হʼব। উদাহৰণস্বৰূপে, যদি এজন ব্যক্তি বিশ্বাসী আৰু পৰিশ্ৰমী হয় আৰু নিজৰ পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰে, তেনেহʼলে পৰিয়ালত আনন্দ থাকিব। কিন্তু ব্যক্তিজন যদি জুৱা খেলে, বেছিকৈ মদ খায়, এলেহুৱা হয়, তেনেহʼলে তেওঁলোকৰ পৰিয়াল ধাৰুৱা হৈ পৰিব আৰু তেওঁলোকৰ আনন্দ নাইকিয়া হʼব। আমাৰ জীৱনত সুখ আৰু “পৰম শান্তি” হৈ থকাটোৱেই ঈশ্বৰে বিচাৰে। সেইবাবে, তেওঁৰ পৰামৰ্শ পালন কৰাটোৱেই আমাৰ বাবে বুদ্ধিমানৰ কাম হʼব।—গীতমালা ১১৯:১৬৫.

আমি “শেষ-কালত” জীয়াই আছোঁ

‘শেষ-কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা, ধন-লুভীয়া, পিতৃ-মাতৃক নমনা, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা হʼব।’—২ তীমথিয় ৩:১-৫.

“শেষ-কালত” লোকসকল কেনেকুৱা হʼব, তাৰ বিষয়ে শাস্ত্ৰত আগতীয়াকৈ কোৱা হৈছিল। শাস্ত্ৰত এয়াও কোৱা হৈছিল যে শেষ-কালত যুদ্ধ হʼব, খোৱাৰ অভাৱ হʼব, ডাঙৰ ডাঙৰ ভূমিকম্প আৰু মহামাৰী হʼব। (মথি ২৪:৩, ৭, ৮; লূক ২১:১০, ১১) আজি চাৰিওফালে এইবোৰ হৈ থকা আমি দেখিবলৈ পাইছোঁ। সেইবাবে, লোকসকলে দুখ-কষ্ট ভুগিবলগীয়া হৈছে আৰু বহুতোলোকৰ মৃত্যুও হৈছে।