Skip to content

Skip to table of contents

সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

ৰাণীয়ে * এইদৰে কৈছে, “জগতৰ পৰিস্থিতি একেবাৰে বেয়া। লোকসকল দৰিদ্ৰতা আৰু বেমাৰত ভুগি আছে। লʼৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে, ঠায়ে ঠায়ে প্ৰতিবাদ হৈছে। এইবোৰ দেখি বহুত বেয়া লাগে। কিন্তু মই জানোঁ যে এইবোৰ সদায় নাথাকিব।”

ৰাণীয়ে জানিব পাৰিলে যে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে ভৱিষ্যতে জগতৰ পৰিস্থিতি ভাল কৰিব। তাই এয়াও জানিলে যে আমি আনন্দেৰে জীয়াই থাকিবলৈ ঈশ্বৰে কিছুমান ভাল পৰামৰ্শ দিছে। এইবোৰ জনাৰ বাবে ৰাণীয়ে প্ৰকৃত আনন্দ লাভ কৰিলে। যদি আপুনিও ঈশ্বৰৰ পৰামৰ্শ পালন কৰে, তেনেহʼলে আনন্দেৰে জীয়াই থাকিব পাৰিব। পৰৱৰ্তী লেখবোৰত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম:

  • পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে আমি কি কৰিব পাৰোঁ?

  • আমি আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কি কৰিব পাৰোঁ?

  • আমি আনন্দ আৰু সন্তুষ্টি লাভ কৰিবলৈ কি কৰিব পাৰোঁ?

  • জগতত ইমান দুখ-কষ্ট কিয় হৈ আছে আৰু মানুহৰ মৃত্যু কিয় হয়?

  • ভৱিষ্যতে জগতৰ পৰিস্থিতি ভাল হ’ব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?

  • আমি ঈশ্বৰক কেনেকৈ জানিব পাৰোঁ আৰু তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ?

এই বিষয়বোৰৰ ওপৰত ঈশ্বৰে যি পৰামৰ্শ দিছে, সেয়া সকলোৰে বাবে হয়।

^ অনু. 2 এই আলোচনীত দিয়া লোকসকলৰ নামবোৰ সলনি কৰা হৈছে।